যান-বাহনৰ প্ৰদূষণ মুক্তৰ প্ৰমাণ পত্ৰৰ নামত ৰাজ্যত ব্যাপক কেলেংকাৰী

 09/29/2019 - 14:15

বৰপেটাঃ এশ টকাৰ বিনিময়ত পৰীক্ষা নকৰাকৈয়ে দিয়া হয় প্ৰদূষণমুক্ত প্ৰমাণ পত্ৰ। অসাধু চক্ৰৰ কৱলত যান বাহন আইন। বৰপেটাত আৰক্ষী বিষয়া, পৰিবহণ বিষয়াক মেনেজ কৰি অসাধু চক্ৰৰ ৰোমৰমীয়া বেহা চলাইছে। দেশত নতুন যান-বাহন আইন প্ৰযোজ্য হোৱাৰ পিছতেই এতিয়া হাঁহকৰৰ সৃষ্টি হৈছে যান-বাহন গৰাকীৰ মাজত। পূৰ্ণসুযোগ গ্ৰহণ কৰিছে একাংশ অসাধু চক্ৰই। বৰপেটা চহৰৰ উত্তৰ বৰপেটা পেট্ৰল পাম্পৰ লগত সংলগ্ন প্ৰদূষণ মাপক কেন্দ্ৰ। আমাৰ সাংবাদিকে চলোৱা এক অভিযানত ধৰা পৰিল কেন্দ্ৰটোত চলি থকা খেলিমেলি। নিয়মানুযায়ী বাহন সমূহ সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে একপ্ৰকাৰ যান-বাহনৰ প্ৰদূষণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কিন্তু এই কেন্দ্ৰটোত ১00 টকাৰ বিনিময়ত কোনোধৰণৰ পৰীক্ষা -নিৰীক্ষা নকৰাকৈয়ে দি থকা হৈছে প্ৰদূষণ মুক্তৰ প্ৰমাণ পত্ৰ। আমাৰ সাংবাদিকে পোৱা তথ্য অনুসৰি, বৰপেটা সদৰ থানাৰ একাংশ আৰক্ষী তথা জিলা পৰিবহণ বিষয়াক মেনেজ কৰি এনেকৈ সংঘটিত কৰা হৈছে নিয়ম বহিৰ্ভূত কাৰ্য। যি কাৰ্যই এতিয়া নতুন যান-বাহন আইনখনক ভেঙুচালি কৰিছে। কেৱল এয়াই নহয় এই দুষ্ট চক্ৰই প্ৰদান কৰা এই সহজ পন্থা অৱলম্বন কৰিছে একাংশ জনসাধাৰণে। যাৰ বাবে এতিয়া নতুন যান-বাহন আইনখন সম্পূৰ্ণৰূপে অনৰ্থক বুলি একাংশ সচেতন লোকে মন্তব্য কৰিছে। এই বৃহৎ দুৰ্নীতি কেৱল বৰপেটাতেই নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈ আছে। ৰাজ্য চৰকাৰৰ অনুজ্ঞাপত্ৰ থকা প্ৰদূষণ মাপক কেন্দ্ৰত সংঘটিত হৈ থকা এই কেলেংকাৰী দেখাৰ পিছত চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব পৰৱৰ্তী সময়ত লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।