গোলঘাটত সুৰাসক্ত যুৱতীৰ বিলৈ

 09/29/2019 - 14:30

গোলাঘাটঃ গোলাঘাটৰ ফৰকাটিংত এগৰাকী সুৰাসক্ত যুৱতীক কেন্দ্র কৰি সৃষ্টি হ’ল অভাৱনীয় পৰিস্হিতি। গোলাঘাটৰ ফৰকাটিং ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। দিনতে এটুপি গিলি পথৰ ওপৰতে পৰি ৰয় যুৱতী। নিলা টি চাৰ্ট পৰিহিত এইজন ৰাজু দাস নামৰ প্ৰেমিকা এইগৰাকী যুৱতী শনিবাৰে ডিমাপুৰৰ পৰা প্ৰেমিকক লগ ধৰিব আহিছিল।

কিন্তু প্ৰেমিকৰ প্ৰেমত যেন অন্ধ হৈ সকলো পাহৰি দুয়ো খালে দেশীয় সুৰা। দিন নে ৰাতি গমেই নাপাই যুৱতীগৰাকীয়ে। ইফালে স্হানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি দুয়ো প্ৰেমিক প্ৰেমিকাৰ গতিবিধি সন্দেহজনক দেখি আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্হিত হ’ল ঘটনাস্হলীত। দুয়োকে উক্তস্থানৰ পৰা উদ্বাৰ কৰি লৈ যায় চিকিৎসালয়লৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।