20% বোনাচৰ দাবী জনাই আৰক্ষীৰ গুলীত মৃত্যু হোৱা ডুমডুমাৰ খোবাং চাহ বাগিছাৰ 5 শ্রমিকৰ মৃত্যু বাৰ্ষিকী পালন

 09/29/2019 - 15:27

ডুমডুমাঃ 2003 চনৰ 29 ছেপ্টেম্বৰ তাৰিখ দুৰ্গোৎসৱৰ প্ৰস্তুতিত সকলোৱে ব্যস্ত কিন্তু ওৰে বছৰ হাড়ভঙা শ্রম কৰি বাগিছা কতৃপক্ষৰ পৰা নিজ প্ৰাপ্য 20% বোনাচৰ আশাত বাট চাই থকা খোবাং চাহ বাগিচাৰ চাহ শ্ৰমিকে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভ উজাৰি বাগিছা কাৰ্যালয়ত একত্ৰিত হৈ নিজ প্রাপ্যৰ দাবী জনাই থাকোতে হঠাতে ধাৰাষাৰ গুলি বর্ষণৰ সন্মুখীন হ’ব লগা হয়। জিলা প্রশাসনৰ এগৰাকী বিষয়াৰ নিৰ্দেশত নিৰিহ চাহ শ্ৰমিকৰ ওপৰত নির্বিচাৰ গুলি বর্ষণ কৰে অসম আৰক্ষীৰ জোৱানে।

নিমিষতে কেইবাজনো শ্রমিকৰ কেঁচা তেজেৰে ৰাঙলি হয় খোবাং বাগিছাৰ কার্যালয়ৰ চৌহদ। তাৰ মাজৰ ফুলমনি কালন্দি, ৰাধে নায়ক, সঞ্জু কালন্দি, সঞ্জীৱ খাড়িয়া আৰু নিকলাছ মিঞ্জ নামৰ 5 গৰাকী শ্রমিক অকালতে মৃত্যুক আকোৱালি ল’ব লগা হয়। আজি 16 বছৰ পিছত পুনৰ বাগিছাখনত একেই পৰিস্থিতিৰ সন্মুখীন হৈছে শ্রমিকসকলে। বর্তমানলৈকে বাগিছাখনৰ শ্ৰমিকসকলক বোনাচ প্রদান কৰা হোৱা নাই। বাগিছা কৰ্তৃপক্ষই 13% বোনাচ দিয়াত আকোঁৰগোজ আনহাতে শ্ৰমিকসকলে পূজাৰ আগতে 20% বোনাচৰ দাবীত অটল।

চৰকাৰ প্রশাসন সকলোৱে বৰ্তমান নিমাত কিন্তু যেতিয়াই শ্রমিকসকলৰ ধৈৰ্যৰ বান্ধ চিঙি যোৱাৰ উপক্ৰম হ’ব তেতিয়া আইন-শৃংখলা ৰক্ষাৰ নামত চৰকাৰ আৰু প্ৰশাসনে শ্রমিকসকলৰ ওপৰত অত্যাচাৰ চলাই যাব। 5 শ্রমিকৰ হত্যাকাণ্ডৰ তদন্ত ঘোষণা কৰা হৈছিল কিন্তু 16 বছৰে তদন্তৰ কোনো পৰিনাম নোলাল।

এইদৰেই চাহ বাগিছাৰ খাটি খোৱা চাহ শ্ৰমিকৰ ওপৰত বাগিছা কৰ্তৃপক্ষ ৰাজনৈতিক দল আৰু চৰকাৰৰ দৃষ্টিভংগী। অসম চাহ জনজাতি ছাত্ৰসন্থাৰ সৌজন্যত প্ৰতিবছৰে মৃত 5 গৰাকী শ্রমিকৰ মৃত্যু বাৰ্ষিকী পালন কৰি অহা হৈছে। দেওবাৰে বাগিছাখনত পুনৰ 16 বছৰৰ পূর্ব্বৰ পৰিস্থিতি দেখা দিয়াত আজিৰ মৃত্যুৰ বাৰ্ষিকী পালন কৰি আটছায়ে চৰকাৰ আৰু বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্রকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।