সৃজনগ্ৰামৰ খামাৰপাৰাত যুৱকৰ আত্মহত্যা

 09/29/2019 - 15:44

অভয়াপুৰীঃ অভয়াপুৰী থানাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বৰঘোলা ২নং গাৱঁৰ খামাৰপাৰাৰ সৰবৰহী যুৱক কপিল ৰায় নামৰ ২১ বছৰীয়া যুৱকজনে দেওবাৰে নিজ ঘৰৰ পিছফালে থকা তামোলনিত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত বাতৰি মতে খামাৰপাৰাৰ ধৰ্মকান্ত ৰায়ৰ পুত্ৰ কপিলে শনিবাৰে নিশা নৈশ আহাৰ গ্ৰহণ কৰি স্বাভাৱিকভাৱে শোৱাপাটিলৈ গৈছিল৷ কিন্তু দেওবাৰে ৰাতিপুৱা পৰিয়ালৰলোকে কপিলৰ নিথৰ দেহ তামোল বাৰীৰ দুই ডাল গছত ব্যায়াম কৰাৰ কাৰণে বন্ধা বাঁহত ৰচীৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।