লখিমপুৰত অব্যাহত চোৰৰ তাণ্ডৱ

 09/29/2019 - 16:05

লখিমপুৰঃ লখিমপুৰত চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ ঘাগৰ নগৰত চুৰে চুৰি কৰি নিলে বলেৰো গাড়ী। গৃহস্থ নিদ্ৰাত থকাৰ সুযোগতে যোৱা নিশা পাপলু কামানৰ গৃহৰ পৰা এএচ 0৭ এল ৭৬৪৬নম্বৰৰ গাড়ীখন চুৰে চুৰ কৰি উধাও হয়৷ পুৱা শুই উঠিহে চুৰি সম্পৰ্কে জ্ঞাত হৈ চাউলধোৱা আৰক্ষী চকীত গোচৰ ৰুজু কৰে ভুক্তভোগীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।