ঢকুৱাখনাত আপকাৰী ৰূপত এজাক মহিলা

 09/29/2019 - 16:12

ঢকুৱাখনাঃ ৰাতি ৰাতি চলালে অবৈধ বিলাতী সুৰা আৰু লোকেল চুলাইৰ চাফাই অভিযান। ঢকুৱাখনাৰ বলাহী ৰূপহী গাঁৱত অবৈধ বিলাতী মদ আৰু লোকেল চুলাইৰ অবাধভাৱে চলি আহিছে বেহা। তাকে লৈ কিছু দিনৰ আগত এখন সজাগতা সভা আহ্বান কৰি কেইবাটাও সিদ্ধান্ত অঞ্চলটোৰ মহিলাসকলে লৈছিল।

সন্ধিয়া ৬ বাজিছে এজাক মহিলা হাতত লাঠী-দা লৈ। প্ৰথম এঘৰ মানুহৰ ঘৰ ঘেৰাও। তাৰপিছত এজনী এজনী কৈ ভিতৰলৈ সোমাই গৈছে। উলিয়াই আনিছে অৰুণাচলৰ অবৈধ সুৰা, উলিয়াই আনিছে বাকেটত গেলাই থোৱা গুড়। এতিয়া কি কৰিব মহিলাসকলে লগালগ ঘিলামৰা আৰক্ষীক খবৰ দিলে। ঘিলামৰা আৰক্ষীয়ে আপকাৰী এজন লৈ উপস্থিত হ’লহি। তাৰ পিছতে সময় ৮ বাজিছে গুণ্ডা নামৰ এজনলোকে চুলাই বনাই আছে।

সেই একে মহিলা দলটোৱে লগত আপকাৰী লৈ ঘেৰাও ঘৰটো। লোকজনৰ ঘৰৰ ভিতৰতটো বাদেই লেটিনত কদৰ্যমই পৰিবেশত গেলাই থৈছে চুলাই বনাব থোৱা গুড় সমূহ। যি সময়ত ৰাজ্যত চুলাই খাই হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। যিয়ে নহওক ইমান দিনে আপকাৰী বিভাগে নোৱাৰা কাম এটা কৰি দেখুৱালে এই ৰূপহী গাঁও আৰু বলাহী গাঁৱৰ মহিলাই। এই মদ বিক্ৰী কৰা কেইজনক ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।