পোষন মাহ উপলক্ষে মৈৰাবাৰীত বিশাল সজাগতা অভিযান

 09/29/2019 - 16:23

মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত দেওবাৰে পোষন অভিযান মাহ উপলক্ষে এক বিশাল শুভাযাত্ৰা উলিওৱা হয়। মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত উলিওৱা এই সজাগতামূলক শুভাযাত্ৰাত আশাকৰ্মী আৰু অংগনবাদীকৰ্মী সহায়িকা সকলে অংশ গ্ৰহণ কৰে।

শুভাযাত্ৰাত বিভিন্ন পোষন খাদ্য প্ৰদৰ্শণ কৰাৰ লগতে নানা সজাগতা মোলক গীত-মাত পৰিবেশন কৰি পুষ্টিহীনতা দৱৰিকৰণৰ বাবে অঞ্চলটোত সজাগতাৰ সৃষ্টি কৰা হয়। পোষন মাহৰ কাৰ্যসূচীৰ অংশ হিচাপে থকা স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত মৈৰাবাৰী আৰক্ষী নিবাসৰ আৰক্ষী গাঁওৰক্ষী বাহিনী স্কাউড এণ্ড গাইডৰ সদস্য সকলেও অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।