নলবাৰী জিলা প্ৰেছ ক্লাবৰ কাৰ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

 09/29/2019 - 16:23

নলবাৰীঃ নলবাৰী জিলা প্ৰেছ ক্লাবৰ  উদ্যোগত দেওবাৰে জিলা প্ৰেছ ক্লাবৰ কাৰ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। সাংবাদিকসকলৰ লগতে সাংবাদিকৰ পৰিয়ালে এই বিনামূলীয়া চকু চিকিৎসা শিবিৰত চিকিৎসা সেৱাগ্ৰহণ কৰে। চিকিৎসা সেৱা প্ৰদান কৰাৰ পূৰ্বে আজিৰ অতিথি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। জিলা সাংবাদিক সন্থাৰ সভাপতি কমলেশ শৰ্মাৰ সভাপতিত্বত অনুস্থিত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি সাংবাদিকৰ লগত মত বিনিময় কৰে বিশিষ্ট চকু চিকিৎসক ডাঃ অৰুণ বৰ্মনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।