বেংগল কুইন খিতাপ দখল কৰি ধিঙলৈ সুনাম কঢ়িয়াই আনিলে অংকিতা দত্তই

 09/29/2019 - 16:49

ধিংঃ কলকাতাত অনুস্থিত বেংগল কুইন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে বেংগল কুইন খিতাপ অৰ্জ্জন কৰি ধিং তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে ধিঙৰ অংকিতা দত্তই। শনিবাৰে কলকাতাৰ মহানায়ক উত্তম মঞ্চত অনুস্থিত হোৱা গ্ৰেণ্ড ফিনালেত টপ ১০ ৰ পৰা প্ৰথম তথা শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জ্জন কৰে ধিঙৰ অংকিতা দত্তই।

অংকিতাৰ শিৰত শ্ৰেষ্ঠত্বৰ মুকুট জিলিকি উঠাৰ বাতৰি পোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰে ধিংবাসী। ধিঙৰ বেটকাতিৰ মানিক ৰঞ্জন দত্ত আৰু বিউটি দত্তৰ কন্যা অংকিতা। বিভিন্ন অডিচনৰ অন্তত মুল ৰাউণ্ডৰ বাবে নিৰ্বাচিত হয় মুঠ ৫০ গৰাকী প্ৰতিযোগী। ইয়াৰে ৩৯ গৰাকী প্ৰতিযোগী চেমি ফাইনেলত অৱতীৰ্ণ হয়।

ছেমি ফাইনেলৰ পৰা টপ ১০ লৈ নিৰ্বাচিত হয় ধিঙৰ অংকিতা দত্ত আৰু শনিবাৰে নিশা হৈ যোৱা গ্ৰেণ্ড ফিনালেত শ্ৰেষ্ঠত্ব খিতাপেৰে শিৰত জিলিকি উঠে শ্ৰেষ্ঠত্বৰ মুকুট। ইতিমধ্যে কলকাতাৰ চল্টলেকস্থিত আইএনআইএফদি ৰ পৰা ইনটেৰিয়ৰ ডিজাইনিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে অংকিতাই। মডেলিং জগততো উজলি উঠিছে অংকিতা। শেহতীয়াকৈ নিউৱৰ্কৰ জঞ্চ কোম্পানীৰ হৈ মডেলিং কৰিছে অংকিতা দত্তই।

সোমবাৰে ধিঙত উপস্থিত হ’বহি অংকিতা। অংকিতাৰ উত্তৰনত আনন্দিত হৈ পৰিছে ধিঙবাসী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।