শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৬ সংখ্যক কেন্দ্ৰীয় শিশু আই-মাতৃ আৰু যুৱ সমাৰোহৰ লাই খুটা স্থাপন

 09/29/2019 - 17:03

নাৰায়নপুৰঃ অহা এক নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাৰায়ণপুৰ মাধৱদেৱ ক্ষেত্ৰত অনুস্থিত হ’ব উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৬ সংখ্যক কেন্দ্ৰীয় শিশু আই-মাতৃ আৰু যুৱ সমাৰোহ। এই লৈ আদৰণি সমিতিয়ে চলাইছে ব্যাপক প্ৰস্তুতি।

যাৰ বাবে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বিষয়-ববীয়াই শতাধিক বৈষ্ণৱ ভকতক লৈ নাৰায়নপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমাৰোহৰ লাইখুটা স্থাপন কৰে।

বিহপুৰীয়া-নাৰায়নপুৰ জিলা শাখাৰ সৌজন্যত অনুস্থিত হ’ব লগা সমাৰোহৰ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, প্ৰধান সম্পাদক বাবুল বৰা, প্ৰাক্তন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাকে মুখ্য কৰি কেইবাগৰাকী কেন্দ্ৰীয় বিষয়-ববীয়াই অংশগ্ৰহণ কৰা লাই-খুটা স্থাপন অনুস্থানত প্ৰধাধ সম্পাদক বাবুল বৰাই আগন্তুক শিশু আই-মাতৃ যুৱ সমাৰোহত জিলাখনৰ অন্তৰ্গত সকলো দল সংগঠনৰ সহযোগিতা কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।