কোকৰাঝাৰত স্প্ৰেমেনৰ আতংক

 09/29/2019 - 17:09

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰত দিনক দিনে পোৱা সমাজ বিৰোধী কাৰ্যকলাপৰ লগতে স্প্ৰেমেনৰ আতংকই নাগৰিকসকলক বাৰুকৈয়ে অতিষ্ট কৰি তুলিছে। চোৰ, স্প্ৰেমেনৰ উপদ্ৰপত জনসাধাৰণে আহি মধুসুধন দেখাৰ সময়তে শনিবাৰে নিশা পাটগাঁওৰ নিকটৰ সোণাপুৰত সন্দেহযুক্ত স্প্ৰেমেনৰ দলে দুগৰাকী ছাত্ৰীক স্প্ৰে মাৰি অচেতন কৰাত হুলস্থুলৰ সৃষ্টি হয়। গাঁওৱাসীয়ে সজাগ হৈ দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ প্ৰচেষ্ঠা চলোৱাত দুৰ্ষ্কৃতিকাৰীৰ দলটো আন্ধাৰৰ সুযোগ লৈ পলাই সাৰে যদিও ঘটনাস্থলীৰ পৰা এখন স্কুটি নং এএচ ১৬ বি, ৬৬০১ জব্দ কৰিবলৈ সক্ষম হয়।

পিছত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে স্কুটীখনৰ স্বত্বাধিকাৰী মুকেশ ৰায়ক আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা আটক কৰে। তদুপৰি আৰক্ষীয়ে নেহৰু বৰুৱা আৰু হৰেন বৰুৱা নামৰ আন দুজন সন্দেহযুক্ত স্প্ৰেমেনকো আটক কৰে। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে এক প্ৰেছ বিবৃতিযোগে উক্ত কথা সদৰি কৰি চেতনা হেৰুৱাই পেলোৱা নাৱালক ছাত্ৰী দুগৰাকী বৰ্তমান বিপদমুক্ত আৰু আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন যদিও টোপনী টোপনী ভাৱ এতিয়াও আছে বুলি সদৰি কৰিছে।

অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি সদৰি কৰি ঘটনাস্থলী পৰিদৰ্শন কালত কোনোধৰণৰ স্পেৰ বটল তথা সন্দেহযুক্ত সামগ্ৰী পোৱা নগল বুলি ৰাজেন সিঙে উল্লেখ কৰিছে। উল্লেখ্য যে কোকৰাঝাৰ জিলাত বৰ্তমান বাৰুকৈয়ে স্প্ৰেমেন আৰু চোৰৰ আতংকই বিৰাজ কৰিছে। অভিযোগ অনুসৰি সম্প্ৰতি স্প্ৰেমেনৰ এক দুষ্টচক্ৰই ঘৰত অকলে থকা যুৱতী-মহিলাসকলক "টাৰ্গেট" কৰে আৰু স্প্ৰেমাৰি অচেতন কৰি অনৈতিক কাৰ্যত লিপ্ত হয় যাৰ পৰিণতিতে স্প্ৰেমেনৰ আতংকত সম্প্ৰতি যুৱতী মহিলাসকল ভয়াৰ্ত সময় অতিবাহিত কৰিবলগীয়াত পৰিছে।

বড়োলেণ্ড ছাত্ৰ-সন্থা আৰু এবছুৰ জিলা সমিতিয়ে সংবাদমেলযোগে কোকৰাঝাৰত সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপ, স্প্ৰেমেন, চোৰ আদিৰ দৰে ঘটনাসমুহক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি প্ৰশাসনক কঠোৰ হাতেৰে দমন কৰিবলৈ আহ্বান জনাইছে। তদুপৰি শান্তিপূৰ্ণ হৈ থকা অঞ্চলটোত পুণৰ অশান্তিময় কৰাৰ অভিসন্ধিৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰও থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে ছাত্ৰ সংগঠন দুটাৰ নেৰ্তৃবৰ্গই। আনহাতে জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশনা দিয়া হৈছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত প্ৰশাসন সজাগ বুলি মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।