মিকিৰভেটা আৰক্ষী থানাৰ আৰু বিএচএফ ৰ লগতে গাঁওৰক্ষী বাহিনীৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান

 09/29/2019 - 17:13

মৰিগাঁওঃ সমাগত ২ অক্টোবৰ গান্ধী জয়ন্তী। ইয়াৰে আলম লৈ মিকিৰভেটা আৰক্ষী চকীৰ বিএচএফ ৰ জোৱান তথা গাঁওৰক্ষী বাহিনীৰ এক প্ৰশংসনীয় পদক্ষেপ। মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া শ্ৰীমৃদুল হাজৰিকাৰ নেতৃত্বত মিকিৰভেটা থানাৰ সকলো কৰ্মচাৰীয়ে আৰু বিএচএফ ৰ ৯৩ বেটেলিয়ানৰ অফিচাৰ চাম কুমাৰ লগতে গাঁওৰক্ষী বাহিনী সহঃ সম্পাদক শ্ৰীকুশল চন্দ্ৰ বৰদলৈ লগতে স্থানীয় ৰাইজে হাতে হাতে ঝাৰু লৈ সমগ্ৰ মিকিৰভেটা চাৰিআলি জাৱৰ জোথৰ চাফা কৰে৷ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সকলো ৰাইজক বুজনি প্ৰদান কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।