কটহগুৰি কণিষ্ঠ বাণিজ্য মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

 09/29/2019 - 17:23

নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি কণিষ্ঠ বাণিজ্য মহাবিদ্যালয়ৰ (২০১৯-২০) বৰ্ষৰ নৱাগত আদৰণি সভাখন কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয় অধ্যক্ষ মিৰাজ আলী আহমেদে| ইয়াৰ পিছতে কাৰ্যসূচী শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ প্ৰৱক্তা অৰুণ চন্দ্ৰ নাথে। পিছত ন-পুৰণি ছাএ-ছাত্ৰীৰ চিনাকি পৰ্ব। মুকলি সভাৰ আৰম্ভনিতে মহাবিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলে জিকিৰ-জাৰীৰ পৰিৱেশন কৰে।

নৱাগত আদৰণি সভাৰ সভাপতি তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্রী সাহিদা খাতুনে সভাপতিত্ব কৰা মুকলি সভাখনত কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা আশ্রফ ৱাহিদে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় বৰ্তমান সময়ত অতি জনপ্ৰিয় ম'বাইল ফোনত হ’ব পৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষতিৰ বিষয়ে অৱগত কৰে। মহাবিদ্যালয় সমূহত ম'বাইল ফোন নিষিদ্ধ কৰিলেহে শৈক্ষিক পৰিৱেশ অধিক উন্নত হ’ব। তেওঁ লগতে কয় এজন লোক বা এজন নাগৰিক শিক্ষিত হ’লেই সু-নাগৰিক হ’ব নোৱাৰে।

সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান সময়ত শিক্ষাৰ লগে লগে সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলেহে সমাজ তথা দেশ আগবাঢ়িব পাৰিব। সভাখনত উপস্থিত থাকি শৈক্ষিক কটহগুৰি কণিষ্ঠ মহাবিদ্যালয় ভাৰপ্ৰাপ্ত প্ৰৱক্তা আব্দুল কাদিৰ জুদ্দাৰে কয় 'প্ৰত্যেক ছাত্ৰ-ছাত্ৰীযে জীৱনৰ লক্ষ্য স্থিৰ কৰি ললেহে তেওঁলোকৰ সপোনবোৰ বাস্তৱিত হ’ব। সেয়েহে ছাত্র-ছাত্ৰীসকলে লক্ষ্য স্থিৰ কৰি লৈ জীৱনৰ বাটত আগবাঢ়ি যাবলৈ সকলোকে আহ্বান জনায়।

মুকলি সভাতৰ মাজতেই ২০১৮-১৯ বৰ্ষৰ মহাবিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উৰ্ত্তীন্ন হোৱা কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক মান পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাখনত কটহগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাইহান উদ্দীন চৌধুৰী, কটহগুৰি গাঁও পঞ্চায়তৰ সভানেত্রী শিৰীনা বেগম, কটহগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আব্দুল ৰেজাক, কটহগুৰি কণিষ্ঠ মহাবিদ্যালয় প্ৰৱক্তা নজৰুল ইছলাম আনচাৰী, বীৰেন মহন্ত, আবুল কাছেম, মইনুল হকৰ লগতে মহাবিদ্যালয়খনৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।