ৰূপহীহাট আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ

 09/29/2019 - 17:27

জুৰীয়াঃ স্বচ্ছ ভাৰত অভিযানৰ অংশহিচাপে দেওবাৰে ৰূপহীহাট আৰক্ষীয়ে পুৱাৰে পৰাই ৰূপহী বজাৰৰ চৌদিশে চলাই চাফাই অভিযান। ৰূপহীহাট আৰক্ষী থানাৰ উদ্যোগত আৰু ৰূপহীহাট ব্যৱহায়িক সন্থাৰ সহযোগত চলোৱা হয় এই চাফাই অভিযান।

ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া কল্যাণ কুমাৰ গগৈৰ নেতৃত্বত হোৱা চাফাই অভিযানত সহযোগ কৰে স্থানীয় ৰাইজে। আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে ৰূপহী বজাৰৰ প্রত্যেক দোকানৰ ব্যৱসায়ীকসকলৰ লগত মত বিনিময় কৰি পৰিস্কাৰ-পৰিচ্ছিন্নতা বিষয়ে বুজোৱাৰ লগতে দোকানৰ সন্মুখত ডাচবিন ৰখাৰ পৰামৰ্শ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।