ফেমিলী মাৰ্ট নগাঁৱৰ উদ্যোগত শিশুসকলৰ মাজত চিত্ৰাংকণ সংগীত আৰু নৃত্য প্ৰতিযোগিতা

 09/29/2019 - 18:15

টুকটুকীঃ আগন্তুক শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ওৱান ইন্দিয়া ফেমিলী মাৰ্ট নগাঁৱৰ উদ্যোগত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে কণকন শিশুসকলক মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সেই মৰ্মে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক কণকন শিশুৰ উপস্থিতিত ওৱান ইন্দিয়া (1 India) ফেমিলী মাৰ্ট নগাঁৱৰ চোতালত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিযোগিতাৰ অন্তত বটা বিতৰণী অনুষ্ঠানত চিত্ৰাংকন, সংগীত আৰু নৃত্য প্ৰতিযোগিতাৰ বিজয়ীসকলক ওৱান ইন্দিয়া (1 India) ফেমিলী মাৰ্ট নগাঁঁৱৰ প্ৰবন্ধক আশ্বিক হুছেইন, সাংবাদিক দিব্যজ্যোতি বৰুৱা, শিল্পী তৃতীষা ভৰালী, জিয়া শইকীয়াৰ উপস্থিতিত পুৰস্কৃত কৰা হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত দহ বছৰ অনুৰ্ধৰ শিশুসকলৰ অংশগ্ৰহনৰে অনুষ্ঠিত অনুষ্ঠানটিত সহস্ৰাধিক লোক উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।