সুৰাত মতলীয়া দুজন ব্যক্তিৰ মাজত বিতৰ্ক এৰুৱাবলৈ গৈ নিৰ্মম প্ৰহাৰৰ বলি এজন ব্যক্তি  

 09/29/2019 - 18:24

 মৰিয়নী: অবৈধ সুৰাৰ বাবে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত নিতৌ সংঘটিত হ’ব ধৰিছে অপ্ৰীতিকৰ পৰিস্থিতিৰ। মৰিয়নীৰ সমীপৰ গৰগুৰিত সুৰা ৰাগিত দুজন লোকৰ মাজত সৃষ্টি হোৱা কাজিয়া এৰুৱাবলৈ গৈ নিৰ্মম প্ৰহাৰৰ বলি হ'ল এজন ব্যক্তি। ব্যক্তিজনক কেইবাজনো লোকে গছত বান্ধি লাঠিৰে প্ৰহাৰ কৰা ফলত গুৰুত্বভাৱে আহত হব’লগীয়া হয়

। আনহাতে অভিযুক্তৰ বিৰোধে আৰক্ষীয়ে লৈছে নীৰব ভূমিকা। গড়গুৰি দুই নং মৰান গাঁওৰ কৃষ্ণ গগৈ নামৰ ব্যক্তি জনৰ দোষ আছিল দুজন ব্যক্তিৰ মাজত হোৱা এখন ঘৰুৱা কাজিয়া এৰুৱাবলৈ যোৱাটো। চুবুৰীয়া এটা পৰিয়ালৰ দদায়েক-ভতিজাকৰ মাজত হোৱা কাজিয়াত বাধা প্ৰদান কৰাৰ ফলতে ব্যক্তিজনক এডাল লাঠিৰে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে। কাজিয়াত লিপ্ত হোৱা নিৰঞ্জন গগৈ, বাবু গগৈ আৰু ভদ্ৰ গগৈ নামৰ লোক তিনিজনে কৃষ্ণ গগৈৰ ওপৰত জপিয়াই পৰি লাঠি আৰু এডাল বাঁহেৰে প্ৰহাৰ কৰাত মূৰ, পিঠি, পেট আৰু ভৰিত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত কৰে।

  ভূক্তভোগী লোকজনৰ ভাতৃ মৰিয়নী তিতাবৰৰ সীমাত অৱস্থিত গড়গুৰি অঞ্চলত অবৈধ সুৰাৰ ব্যাপক প্ৰচলনৰ ফলতে এনে ধৰনৰ কাজিয়া, মাৰপীটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে। আৰু অঞ্চলটোৰ মহিলাসকলেও অবৈধ সুৰাৰ বিৰোধে আৰক্ষী আৰু আৱকাৰী বিভাগক ব্যৱস্থা গ্ৰহণৰও দাবী তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।