'বিহুনাচৰ ভঙ্গীমাৰ আখৰাত' বিহুক বিকৃতকৰণ নকৰিবলৈ অভিনেত্ৰী মাধুৰিমা চৌধুৰীৰ সকীয়নি

 09/29/2019 - 20:08

নগাঁওঃ  বিহু সুৰক্ষা সমিতিৰ উদ্যোগত নগাঁৱত অনুষ্ঠিত হৈ থকা বিহু নাচৰ ভঙ্গীমাৰ তিনিদিনীয়া আখৰাৰ দেওবাৰে সামৰণি পৰে। অসমৰ ভিন্ন প্ৰান্তৰ শতাধিক বিহুৱতীয়ে অংশগ্ৰহন কৰা এই ভঙ্গীমাৰ আখৰাৰ সামৰণি অনুষ্ঠানত অংশ ল'লে অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা জ্যেষ্ঠ বিহুৱতী মাধুৰিমা চৌধুৰীয়েই। অসমীয়াৰ স্বাভিমান বিহু নিখুঁত ৰূপত জীয়াই থাকে তাৰেই বিনম্ৰ প্ৰয়াস বিহু সুৰক্ষা সমিতিৰ৷ ঢোলৰ ছেও আৰু ম'হৰ শিঙৰ পেঁপাৰ মাত শুনি ৰ'ব নোৱাৰিলে জ্যেষ্ঠ বিহুৱতী মাধুৰিমা চৌধুৰী। ঢোলৰ ছেৱে ছেৱে হেঁপাহ পলুৱাই নাচিলে নগাঁৱত৷ বিহু সুৰক্ষা সমিতিৰ উদ্যোগত নগাঁৱত অনুষ্ঠিত হৈ থকা বিহু নাচৰ ভঙ্গীমাৰ আখৰাৰ দেওবাৰে সামৰণি অনুষ্ঠানত অংশ লৈ এনেদৰেই আত্মহাৰা হৈ পৰিল অভিনেত্ৰী মাধুৰিমা চৌধুৰী।

নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰৰ চেনিমাই ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই ভঙ্গীমাৰ আখৰাত অংশ লৈ জ্যেষ্ঠ বিহুৱতী গৰাকীয়ে বিহুক বিকৃতকৰণ নকৰিবলৈ সকিয়নীও প্ৰদান কৰে। অসমৰ ভিন্ন প্ৰান্তৰ শতাধিক বিহুৱতীয়ে অংশ লোৱা বিহু নাচৰ ভঙ্গীমাৰ আখৰাত বহু কেইগৰাকী বিহু বিশেষজ্ঞ উপস্থিত থাকি প্ৰদান কৰিলে প্ৰশিক্ষণ। অসমীয়া জাতিৰ স্বাভিমানস্বৰূপ বিহুক শুদ্ধ তথা নিখুত ৰূপত জীয়াই ৰাখিবলৈকে এই প্ৰচেষ্টা বিহু সুৰক্ষা সমিতিৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।