আমিনগাঁৱত পদপথত দোকান পথচাৰী হাৰাশাস্তিঃ যাতায়তত বিশৃংখলতা

 09/29/2019 - 20:38

উত্তৰ গুৱাহাটীঃ আমিন গাঁৱৰ পথ সম্প্ৰসাৰণৰ লগে লগে পদ পথৰ ওপৰত অসাধু ব্যৱসায়ীৰ বেদখল আৰম্ভ হৈছে। আমিন গাঁৱত নতুনকৈ নিৰ্মাণ কৰা পথৰ পদ পথত মস্যজীৱিৰ পৰা প্ৰতিমা নিৰ্মাতালৈ সকলোৱে বেআইনী ভাবে দখল কৰাত চৰম অসুবিধাত পৰিছে গৰকপ্তানি বিভাগ। পথৰ ওপৰত বছৰ বছৰ ধৰি মা কামাখ্যা শিল্পালয় আৰু মা কালী শিল্পালয় নামৰ প্ৰতিষ্ঠান দুটাই নিৰ্বিঘ্নে ব্যবসায় চলাই আহিছে।

যাৰ ফলত গৰকপ্তানী বিভাগে পথৰ কাম বন্ধ কৰিবলগীয়া হৈছে। আয়কৰ ফাঁকিৰে প্ৰতিষ্ঠান দুটাই লক্ষ লক্ষ টকাৰ ব্যৱসায় কৰা প্ৰতিষ্ঠান দুটাৰ বাবে পুৱা গধূলি যাঁনজটৰো সৃষ্টি হৈ আহিছে। আনহাতে নতুনকৈ নিৰ্মাণ কৰা পথৰ দুকাষৰ পদপথেৰে উদ্যোগ প্ৰতিষ্ঠানৰ শশ শ্ৰমিক কৰ্মচাৰী যাতায়ত কৰিছিল যদিও  প্ৰতিষ্ঠান দুটাৰ বেআইনী কাৰ্যত ক্ষোভিত হৈছে সকলো।

বিভিন্ন সময়ত ৰাইজৰ আপত্তিৰ পাছতো নিৰৱ আমিন গাওঁ আৰক্ষী। প্ৰতিমাৰ অত্যাধিক মূল্যবৃদ্ধিৰে অঞ্চলটিত একছত্ৰী ব্যৱসায় চলাই ৰাইজক ৰামঠগণ দিয়াৰো অভিযোগ উৎথাপিত হৈছে । আনহাতে  পেলনীয়া সামগ্ৰী, আৱৰ্জনাৰে অঞ্চলটি কদৰ্য্য পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ ৰাইজৰ। ৰাইজৰ দাবী জিলা প্ৰশাসনে অঞ্চলটিৰ পদপথ মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে অঞ্চলটিৰ গৰকপ্তানী বিভাগৰ কামৰ স্থবিৰতা আঁতৰাই যাতায়ত ব্যৱস্থা সুনিশ্চিত কৰিব লাগে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।