ৰেজেক আলী ফুটবলত ভূটানক হৰুৱাই ডিএফচি ছয়গাঁৱৰ চেমি ফাইনেলত প্ৰৱেশ

 09/29/2019 - 20:42

ঘগ্ৰাপাৰঃ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত চলি থকা ৫৩ সংখ্যক ৰেজেক আলী সোঁৱৰণী প্ৰাইজমানি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল পাৰ্কী-ভূটান ফুটবল একাদশ আৰু ডিএফচি ছয়গাঁৱৰ মাজত অনুষ্ঠিত হয়৷ তীব্ৰ উত্তেজনক মূলক খেলখনত পাৰ্কী ভূটান ফুটবল একাদশক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ডিএফচি ছয়গাঁৱে জয়লাভ কৰে৷ দেওবাৰে খেলখন উদ্বোধন কৰে "প্ৰতিবিম্ব লাইভ " বৈদ্যতিন সংবাদ মাধ্যমৰ সম্পাদক তফিক উদ্দিন আহমেদে৷

খেলখন পৰিচালনা কৰে চম্পক মিশ্ৰই৷ তেওঁক লাইনত সুৰেশ দাস আৰু প্ৰদীপ বড়োয়ে সহায় আগবঢ়াই৷ চতুৰ্থ ৰেফাৰীৰ আসনত থাকে ৰুবুল বেজবৰুৱা৷ খেলখন উদ্বোধনৰ সময়ত খ্যাতনামা অভিনেতা যতীন বৰা, বৰষাৰাণী বিষয়া আৰু শিশুশিল্পী হৰ্ষিতা ভট্টাচাৰ্যকে ধৰি চিনেমা ৰত্নাকৰৰ টীমটো উপস্থিত হৈ দৰ্শক ৰাইজক অভিনন্দন জনাই৷ ১১ অক্টোবৰত মুক্তি লাভ কৰিব লগা ৰত্নাকৰ চিনেমাখন উপভোগ কৰিবলৈ সৰ্বস্তৰৰ ৰাইজক আবেদন জনাই৷ অন্তিমখন কোৱাৰ্টাৰ ফাইনেল খেল অহা ২ অক্টোবৰত এপি আৰঅ’ জালুকবাৰী গুৱাহাটী আৰু মুকালমুৱা ক্ৰীড়া সন্থা মাচাৰ মাজত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।