বিজনীত আৰক্ষীৰ প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা অভিযান

 09/29/2019 - 20:49

বিজনীঃ চিৰাং জিলাৰ বিজনীৰ আৰক্ষীয়ে দেওবাৰে বিজনী নগৰ সমিতিৰ সহযোগত "স্বচ্ছতা হি সেৱা" শীৰ্ষক এক কাৰ্যসূচী ৰূপায়িত কৰে। বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী, বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰা, বিজনী নগৰ সমিতিৰ সভাপতি ৰমাকান্ত বসুমতাৰীৰ লগতে আৰক্ষী তথা নগৰ সমিতিৰ কৰ্মচাৰীসকলে বিজনী চহৰত চলোৱা চাফাই অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

" স্বচ্ছতা হি সেৱা" কাৰ্যসূচীৰ বাবেই মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী, বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰাৰ লগতে অন্যান্য আৰক্ষীৰ লোকে হাতত ঝাড়ু লৈ চহৰখনৰ বাট-পথ পৰিষ্কাৰ কৰে। প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে আৰক্ষী আৰু নগৰ সমিতিৰ কৰ্মচাৰীসকলে চহৰখনৰ জনসাধাৰণৰ মাজত "লিফলেট" বিতৰণ কৰে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।