ভেল্লাৰ ফুটবলত কোকৰাঝাৰ ৭এপিবিএনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

 09/29/2019 - 20:55

বৰপেটাঃ বৰপেটাৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত দেওবাৰে ৭ম আৰক্ষী বেটেলিয়ন কোকৰাঝাৰ আৰু গোৱালপাৰা ধুপধৰা এফচিৰ মাজত অনুষ্ঠিত খেলখনত ৭ম আৰক্ষী বেটেলিয়ন ট্ৰাইবেকাৰৰ জড়িতে ৬-৪ গ’লৰ ব্যৱধানত জয়ী হৈ অগ্ৰগতি লাভ কৰে।

তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনত কোকৰাঝাৰৰ হৈ গ'লসমুহ দিয়ে ক্ৰমে অশোক ব্ৰহ্ম, চিতু বছুমতাৰী, ধুপধৰাৰ হৈ গ'ল দুটি দিয়ে কংকন ৰাভা আৰু ভূমি কছাৰিয়ে। দেওবাৰে এই তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন পৰিচালনা কৰে হাচমত আলী, ছফিকুল হক, থিৰেশ্বৰ দাসে। ২অক্টোবৰৰ খেল গোৱালপাৰা এফচি আৰু বৰমা ইউনাইটেডৰ মাজত অনুষ্ঠিত হ’ব বুলি খেল পৰিচালনা সমিতিৰ সভাপতি মৌচম নাজিম আৰু সম্পাদক নেকিবুৰ ৰহমানে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।