ৰঙিয়াৰ দ্বিতীয় বাৰ্ষিক হৰদত্ত-বিৰদত্ত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত ফাইনেল

 09/29/2019 - 20:58

ৰঙিয়া: ৰঙিয়াত অনুষ্ঠিত হোৱা ২য় বাৰ্ষিক হৰদত্ত-বিৰদত্ত ট্ৰফী প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে চূড়ান্ত ফাইনেল খেল। ফাইনেল খেলখন উদ্বোধন কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভাৱেশ কলিতাই। লগতে উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা আৰু অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা।

দেওবাৰৰ এই খেল খন অনুষ্ঠিত হ’ব অসম আৰক্ষী বনাম অসম ৰেজিমেণ্ট শ্বিলঙৰ মাজত। খেল খন আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত বহুতো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু খেলৰ শেষটো বহু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব। বহু প্ৰত্যাশিত খেল খনৰ বাবে এতিয়া দৰ্শকৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। খেল খনত কোন দলে বিজয় মুকুট পিন্ধিবলৈ সক্ষম হ’ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।