ইণ্ডিয়া আইকনিক পাৰ্ছনেলিটিত নলবাৰীৰ গাৰ্গীৰ খিতাপ বিদেশলৈ আমন্ত্ৰিত

 09/29/2019 - 21:06

নলবাৰীঃ নলবাৰীৰ গাৰ্গী পৰাশৰে জিলাখনলৈ কঢ়িয়াই আনিছে আন্তৰাষ্ট্ৰীয় খিতাপ। ফেশ্বন ডিজাইনাৰ গাৰ্গী পৰাশৰে লাভ কৰিছে ইণ্ডিয়ান আইকনিক পাৰ্ছনেলিটি ২০১৯ শীৰ্ষক শ্ৰেষ্ঠত্ব বঁটা। উত্তৰ প্ৰদেশৰ আহমেদাবাদত অনুষ্ঠিত হৈছিল এই ইণ্ডিয়ান আইকনিক পাৰ্ছনেলিটি শীৰ্ষক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত দেশৰ মুঠ ৩৫ খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশ লৈছিল।

নলবাৰীৰ গোপাল বজাৰৰ ফেশ্বন ডিজাইনাৰ গাৰ্গী পৰাশৰে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি নলবাৰীৰ লগতে সমগ্ৰ অসমলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয়। নলবাৰী চহৰৰ গোপাল বজাৰৰ বাসিন্দা মুকুল শৰ্মা আৰু মিতালি দত্ত শৰ্মাৰ কন্যা গাৰ্গী পৰাশৰ গুৱাহাটী আৰ্য বিদ্যাপিঠৰ স্নাতকৰ ছাত্ৰী। ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সিদ্ধাৰ্থ বৰ্মনৰ তত্বাৱধানত মডেলিং জগতত খোজ পেলোৱা গাৰ্গী পৰাশৰে ইতিমধ্যে থাইলেণ্ডলৈ আমন্ত্ৰিত হৈছে।

কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত ফেশ্বন শ্বোৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱা গাৰ্গী পৰাশৰে এগৰাকী সুদক্ষ কথক শিল্পী হিচাপেও পৰিচিত হোৱাৰ লগতে কথক নৃত্যত স্নাতক ডিগ্ৰী লাভ কৰিছে। দেওবাৰে সন্ধিয়া নলবাৰী জিলা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত গাৰ্গীয়ে নিজৰ অভিজ্ঞতা আৰু বিষয়বস্তুৰ গুৰুত্ব সম্পৰ্কে নিজৰ অভিমত প্ৰকাশ কৰে। তদুপৰি ভবিষ্যতে এগৰাকী প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ হোৱাৰ কথা প্ৰকাশ কৰে। যোৱা ২৩ ছেপ্তেম্বৰত গাৰ্গীয়ে এই প্ৰতিযোগিতাত অংশ লৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।