কোকৰাঝাৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ উদ্যোগত জোৰ সমদল

 09/29/2019 - 21:14

কোকৰাঝাৰঃ কোকৰাঝাৰত অব্যাহত থকা স্প্ৰেমেন, অনৈতিক আৰু অমানৱীয় ঘটনাৰ প্ৰতিবাদত দেওবাৰে সন্ধিয়া ৬:০০ বজাত কোকৰাঝাৰ সদৰ চহৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নেৰ্তৃত্বত জোৰ সমদল বাহিৰ কৰা হয়। সদৰ চহৰৰ এমআৰএম হাস্পতালৰ নিটকৰ পৰা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নেৰ্তৃত্বত বাহিৰ হোৱা সমদলটোৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰে সদৰ চহৰ পৰিভ্ৰমণ কৰি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে হুংকাৰ দিয়ে। সদৰ চহৰৰ মহিলাসকলে স্বতৰ্ফূতভাৱে জোৰ সমদলত অংশগ্ৰহণ কৰি স্প্ৰেমেনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে আৰু দুৰ্ষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।

কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ এমআৰএম হাস্পতালৰ কাষৰ পথাৰৰ পৰা দেওবাৰে সন্ধিয়া উলিওৱা জোৰ প্ৰতিবাদী সমদলে চহৰ ভ্ৰমি স্প্ৰেমেন হুচিয়াৰ, নাৰী সমাজক সুৰক্ষা দিওক, দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰি শাস্তি দিওক, ইত্যাদি শ্লোগান দি উত্তাল কৰি তোলে৷

পিছত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নাৰীসকলক সজাগ হোৱাৰ আহ্বান জনাই স্প্ৰেমেন, অমানবীয়, অনৈতিক কাৰ্য ৰোধ কৰিবলৈ দাবী জনাই। মন্ত্ৰী ব্ৰক্ষই কোকৰাঝাৰত সংঘটিত হোৱা ধাৰাবাহিক ঘটনাক উদ্বেগ ব্যক্ত কৰি নাৰী সমাজক সুৰক্ষাৰ বাবে ৰাজপথত নমা বুলি স্বীকাৰ কৰি প্ৰশাসনক অচিৰে কোকৰাঝাৰ জিলাত আতংকৰ সৃষ্টি কৰা অসামাজিক চক্ৰক কঠোৰ হাতেৰে দমন কৰা দাবী তোলে৷ এইক্ষেত্ৰত শেহতীয়াকৈ সংঘটিত হোবা ঘটনাৰ আঁঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে মন্ত্ৰী ব্ৰহ্মই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।