টেঙাখাত ভেকুলাজান গাঁওৰ কনক সোনোৱালৰ বিষেষ আকৰ্ষণ

 09/29/2019 - 21:26

টেঙাখাত :ইতিহাসে ঢুকি পোৱা দিনৰে পৰা ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ কুটিৰ শিল্পত চহকী আছিল। অসমৰ লোক সংস্কৃতিৰ লগত জড়িত কুটিৰ শিল্প সমূহ দেশৰ অৰ্থনৈতিক উন্নয়নত বিশেষভাৱে প্ৰভাৱ পেলোৱাৰ লগতে সমাজৰ একশ্ৰেণী লোকৰ জীৱনৰ জীৱিকাৰ উপায় হিচাপে উল্লেখিত হৈ আহিছে।

অসমৰ কুটিৰ শিল্প উদ্যোগ সমূহক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট দ্বায়িত্ব আছে যদিও চৰকাৰে তেনে ধৰণৰ দ্বায়িত্ব পালন কৰিব পৰা নাই। যাৰ ফলস্বৰূপে বৰ্তমান সময়ত অসমৰ কুটিৰ শিল্প উদ্যোগ সমূহ বৃদ্ধি পোৱাতকৈ দিনক দিনে হ্ৰাস পায় অহাহে পৰিলক্ষিত হৈ আহিছে। ঠিক তেনে সময়তে নিজ সাধনা আৰু প্ৰতিভাৰ বলত সুদীৰ্ঘ তেৰটা বছৰে কুটিৰ শিল্পৰ লগত জড়িত হৈ জীৱনৰ জীৱিকাৰ পথ হিচাপে বাছি লোৱাৰ লগতে সমাজত হেৰাই যোৱা কিছুমান ভাস্কৰ্য শিল্পক নৱপ্ৰজন্মক চিনাকি কৰোৱাৰ চেষ্টা কৰি আহিছে টেঙাখাত ভেকুলাজান গাঁওৰ কনক সোনোৱাল নামৰ আদৰ্শৱান ব্যক্তি জনে।

নিজ ঘৰতে থলুৱা বাঁহ, বেত, কাঠেৰে নানা ধৰণৰ আৰ্হিত কোনো বৈজ্ঞানিক যন্ত্ৰপাতি ব্যৱহাৰ নকৰাকৈ সাধাৰণ সা-সঁজুলিৰে নিৰ্মাণ কৰি উলিয়াইছে ভাস্কৰ্য্য সমূহ। কিন্তু কেতিয়াবা চৰকাৰৰ চকু পৰিবনে এই সমূহ কুটিৰ শিল্প উদ্যোগক লৈ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।