মানকাচৰৰ অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ এজেন্ট ছাদ্দাম হোছেনৰ লুন্ঠনৰাজ

 09/29/2019 - 21:31

দক্ষিণ শালমাৰাঃ ৰাজ্য খনত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান সমুহে ৰাইজৰ সুবিধাৰ্থে গাৱে-ভূঞে চিএছপি খুলি বিত্তীয় লেনদেনৰ লগতে দুখীয়া নিচলা, দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকৰ বেংক একাউন্টত চৰকাৰে বিভিন্ন আচঁনিৰ ধন গাওঁ অঞ্চলত থকা গ্ৰাহক সেৱা কেন্দ্ৰ চিএছপি ৰ জৰিয়তে প্ৰত্যক্ষ ভাৱে প্ৰদান কৰি আহিছে। কিন্তু একাংশ গ্ৰাহক সেৱা কেন্দ্ৰ চিএছপিয়ে দুখীয়া নিচলা, দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকৰ বেংক একাউন্টৰ পৰা কৌশলেৰে ধন উঠাই আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে।

মানকাচৰৰ অসম গ্ৰামীন বিকাশ বেংকৰ অধীন্থ ঝাউডাংগা ২৪১৭ নং গ্ৰাহক সেৱা কেন্দ্ৰ চিএছপিৰ এজেন্ট ছাদ্দাম হোছেনে বৃদ্ধ ভাত্তাৰ ধন, জব কাৰ্ডৰ ধন, দুখীয়া নিচলা, দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা মহিলাই কষ্ঠোৰ্পাজিত জমা কৰা ধন কৌশলেৰে উঠাই আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। অভিযোগ মতে ছাদ্দাম হোছেন নামৰ ঝাউডাংগা ২৪১৭ নং গ্ৰাহক সেৱা কেন্দ্ৰৰ এজেন্ট জনে একাংশ অশিক্ষিত একাউন্ট হল্ডাৰৰ পৰা টিপ চহী লৈ একাউন্টৰ পৰা সাত হাজাৰ, আট হাজাৰ টকা উঠাই মাত্ৰ দুই হাজাৰ, আঢ়ৈ হাজাৰ টকা গ্ৰাহকক দি বাকী টকা আত্মাসাৎ কৰি আছে বুলি সাংবাদিকৰ আগত সদৰী কৰে।

অকল এয়ে নহয় একাংশ অশিক্ষিত একাউন্ট হল্ডাৰৰ টিপ চহী লৈ চিএছপি ৰেজিষ্টাৰত লোৱাৰ পাছত টকা সোমোৱা নাই বুলি গ্ৰাহকক অপদস্থ কৰি খেদি পঠাই উক্ত গ্ৰাহকৰ একাউন্টৰ ধন হৰলুকি কৰি আহিছে বুলিও অভিযোগ উঠিছে। অনতি পলমে মানকাচৰৰ অসম গ্ৰামীন বিকাশ বেংকৰ অধীন্থ ঝাউডাংগা ২৪১৭ নং গ্ৰাহক সেৱা কেন্দ্ৰৰ এজেন্ট জনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সঠিক তদন্ত কৰি দুখীয়া নিচলা, দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা মহিলাসকলক ন্যায় প্ৰদানৰ বাবে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।