বাহজানী এল পি স্কুলৰ প্ৰাংগনত মাতৃ সন্মিলনী সভা উদযাপন

 09/29/2019 - 21:51

নলবাৰীঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নলবাৰী নিজ বাহজানী খণ্ডৰ উদ্যোগত নিজ বাহজানী এল পি স্কুলৰ প্ৰংগনত এক মাতৃ সন্মিলনী সভা উদযাপন কৰা হয়৷

অনুষ্ঠানটোত উপস্থিত হৈ নাৰী সজাগতা, নাৰীৰ সৱলীকৰণ, হিন্দু সমাজৰ প্ৰতি নাৰীৰ দায়বদ্ধতা ইত্যাদি বিষয়ৰ ওপৰত বক্তব্য ৰাখে সেৱিকা সমিতিৰ নলবাৰী বিভাগৰ সঞ্চালিকা শ্ৰীমতী দিপালী গোস্বামী, আন্তৰাষ্ট্ৰীয় কুংফু খেলুৱৈ শ্ৰীযুত ধৰ্মেশ্বৰ হালৈ আৰু হিন্দু সমাজৰ অক্লান্ত কৰ্মী ক্ৰমে মানস পাটগিৰি, ভাস্কৰ ডেকা আৰু হেমন্ত দাসই৷

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বাহজানী খণ্ডৰ কাৰ্য্যবাহ মাননীয় প্ৰনৱ জ্যোতি ডেকাৰ নেতৃত্বত অনুষ্ঠিত হোৱা উক্ত অনষ্ঠানটোত উপস্থিত থাকে শতাধিক মহিলাৰ লগতে সংঘৰ স্বয়ংসেৱক ক্ৰমে উত্তম তালুকদাৰ, চন্দন হালৈ আৰু দ্বীপ পাল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।