ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত বুথ সমিতি গঠন

 09/29/2019 - 21:55

লালুকঃ দেওবাৰে দিনৰ ২বজাত কৰুণাবাৰি উন্নয়ন খণ্ডৰ আঞ্চলিক সভাপতি শ্ৰীযুত প্ৰাঞ্জল শইকীয়াৰ লগতে দৌলতপুৰ গাওঁৰ বিশিষ্ট সমাজ সেৱক আব্দুল গফুৰ সদাগৰ আৰু বহুতো সন্মানীয় ব্যক্তিৰ উপস্থিতিত লখিমপুৰ জিলাৰ দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুহাম্মদ তইবোৰ ৰহমানৰ সভাপতিত্বত লখিমপুৰ জিলাৰ দৌলতপুৰৰ ২১৫ নং কেন্দ্ৰটো চলাই নিবলৈ এখন বুথ সমিতি গঠন কৰা হয়৷

এই সভাখন আহ্বান কৰে বিশিষ্ট সমাজ সেৱক আব্দুল বাচিৰ চাহাবে। উক্ত সভা খনত ৰাইজৰ সৰ্ব সন্মতি ক্ৰমে মিছ মমতাজ বেগমক সভানেত্ৰী হিচাপে নিযুক্তি দি ১৯ জনীয়া এক শক্তিশালী পুৰ্ণাংগ কমিটি গঠন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।