মৈৰাবাৰী অংগনবাদীৰ ৰেলি

 09/29/2019 - 21:58

মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত দেওবাৰে ভিন্ন ৰূপত দেখা গ’ল অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক মৈৰাবাৰী ৰাজপথত কেইবাশতাধিক অংগনবাদী কৰ্মী। দেওবাৰে তেওঁলোকে কোনো প্ৰতিবাদ কৰিব ৰাজপথত অহা নাই। অংগনবাদী কৰ্মী সকলকে হাতে হাতে বেনাৰ পোষ্টাৰৰ লগতে কেঁচা শাক পাচলি লৈ ৰাজ পথত ওলাই আহিছে তেওঁলোক।

পোষণ দিৱস উপলক্ষে মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা মৈৰাবাৰী অংগন বাদি কেন্দ্ৰ সমূহৰ কৰ্মী সহায়িকা সকলে মহিলা যুৱতী আৰু শিশুসকলক সজাগ কৰিবলৈ হাতে হাতে বিভিন্ন শ্লগান লিখা পোষ্টাৰ আৰু ভিন্ন নিভাঁজ আইৰণ জাতীয় কেঁচা শাক পাচলি লৈ মৈৰাবাৰী ৰ বজাৰত ভিন্ন কাৰ্যসূচী আয়োজন কৰে।

বিনীতা বেজ আৰু নাৰ্জিনা ৰহমানৰ পৰিচালনাত সজাগতা ৰেলিত দেখা গল ভিন্ন শ্ৰেণীৰ ৰাইজৰ সহযোগ। মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মৰিগাঁও জিলাৰ বিষয়া দেৱজিত বৰাও উপস্থিত থাকে। অংগবাদীৰ কৰ্মী আৰু সহায়িকাসকলে উলিওৱা এই প্ৰদক্ষেপক ৰাইজে বিপুল আদৰণি জনোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।