হৰদত্ত-বীৰদত্ত ট্ৰফী আমন্ত্ৰণমূলক দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ চিলং এ আৰ চি চূড়ান্ত বিজয়ী

 09/30/2019 - 11:58

ৰঙিয়াঃ ৰঙিয়া হৰদত্ত-বীৰদত্ত ট্ৰফী আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত চিলং এ আৰ চি একাদশে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিশা সাত বজাৰপৰা অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চিলং একাদশৰ বিপক্ষে খেলিছিল অসম পুলিচ। খেলখনৰ প্ৰথম অৰ্ধত চিলং এ আৰ চি ফুটবল একাদশে প্ৰথমটো গ’ল দিয়াৰ উপৰিও দ্বিতীয় অৰ্ধত চিলং দলে পুনৰ দুটাকৈ গ’ল দি প্ৰতিযোগিতাত বিজয়ী নিশ্চিত কৰে।

ইফালে চুড়ান্ত খেলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, অসম পৰ্য্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বুজৰবৰুৱাৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰয়ণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।