লংকাত ৬৩ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী নাবালিকা

 09/30/2019 - 12:11

লংকাঃ পুনৰ ধৰ্ষণ কাণ্ড। দিনক-দিনে ক্ৰমবৰ্ধমান ৰূপত ধৰ্ষণৰ ঘটনা বাঢ়ি গৈ থকাৰ সময়তে লংকাত এজন ৬৩ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী নাবালিকা। পইচা দি ফুচুলাই কিশোৰীগৰাকীক পূৰ্বেও সংঘটিত কৰিচিল জৰ্ঘন্য কাণ্ড। লংকাৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত ১নং কাকী ৭নং মাটিপাহাৰৰ আব্দুল কালাম নামৰ ৬৩ বছৰীয়া বৃদ্ধই নিজৰ ঘৰৰ কাষৰে নাবালিকা গৰাকীক ২৮ ছেপ্টেম্বৰৰ সন্ধ্যা ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণ কাণ্ড সংঘটিত কৰে।

শনিবাৰে সন্ধ্যা ৬-৪৫ মান বজাত সংঘটিত ঘটনাটোত নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে, পিতৃ বয়সৰো উৰ্ধৰ আব্দুল কালাম নামৰ লোকজনে নাবালিকাগৰাকীক পূৰ্বেও পইচা দি ফুচুলাই অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰি আহিচিল। ইতিমধ্যে, নাবালিকাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কাকী আৰক্ষীয়ে 118/19 নম্বৰত এক গোচৰ ৰুজু কৰি ধৰ্ষণকাৰী আব্দুল কালামক পস্ক' আইনত গ্ৰেপ্তাৰ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।