আৰক্ষীৰ লগত ধনৰ লেনদেন গৰু সৰবৰাহকাৰীৰ

 09/30/2019 - 12:37

টীয়কঃ ৰাজ্যত ইটোৰ পাছত সিটো গৰু সৰবৰাহৰ ভয়ংকৰ দৃশ্য। প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱাকৈ উজনিৰ পৰা সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে গৰু। আৰক্ষীৰ লগত ধনৰ লেনদেন হয় গৰু সৰবৰাহকাৰীৰ। টীয়কত জব্দকৃত গৰুভৰ্তি ট্ৰাকৰ ব্যৱসায়ীৰ ভাষ্যই পুনৰ উদঙাইছে অসম আৰক্ষীৰ আচল স্বৰূপ। দেওবাৰে সন্ধিয়া ডিমৌৰ ৰাজমাইৰ পৰা নগাঁৱলৈ বুলি আহিছিল ৮খনকৈ গৰু ভৰ্তি গাড়ী।

টীয়ক আৰক্ষীয়ে নিয়মিয়া টালাচীত উক্ত গাড়ীৰ প্ৰতিখনৰ পৰা বিচাৰে ৩৫০ টকাকৈ। পাণ জপাদি একোখন মেস্ক পিক আপত ১১টাকৈ আনে গৰু। অবৈধ গৰু ভৰ্ত্তি গাড়ীৰ বিৰুদ্ধে এজাহাৰ অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ। এজাহাৰৰ ভিত্তিত কোনো তদন্ত নকৰাকৈ অবৈধ গৰু গাড়ী সমূহ এৰি দিয়ে টীয়ক আৰক্ষীয়ে। টীয়ক আৰক্ষীৰ এই কাৰ্য্যক ধিক্কাৰ দিছে সংগঠনটিয়ে। থানাত এজাহাৰ দিয়াৰ পাছতো অবৈধ গৰুভৰ্তি গাড়ীসমূহে আইনক বুঢ়াআঙুলি দেখুৱাই আঁতৰি যাবলৈ সক্ষম হয়৷

গাড়ীসমূহ জব্দ হোৱাৰ পাছতে টীয়ক আৰক্ষী থানাত উপস্থিত হয় ৰাজমাই গৰু বজাৰ চলোৱা জনৈক ফুকন উপাধিৰ এজন লোকৰ এটি দল৷ তেওঁলোকে আৰক্ষীৰ লগত কথা পাতি গাড়ীসমূহ যাবলৈ অনুমতি আদায় কৰা বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ ৰাজমাই গৰু বজাৰ দলটিৰ কথা বতৰাত সমগ্ৰ গৰু সৰবৰাহ কাৰ্যটিত এটি বৃহৎ চক্ৰ জড়িত হৈ থকাৰ কথা ধৰিব পৰা যায়৷ আনফালেদি এজন গাড়ীচালকে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে বজাৰখন চলোৱা লেচীয়ে গৰুসমূহ কঢ়িয়াই নিয়াৰ পথত আৰক্ষী তথা প্ৰশাসনৰ লগত বুজাবুজি কৰিবৰ কাৰণে প্ৰতিখন গাড়ীৰ পৰা ২০০০ টকাকৈ সংগ্ৰহ কৰে৷

গাড়ীসমূহ এনেকৈ এৰি দিয়া কাৰ্যত টীয়ক আৰক্ষীৰ ৰহস্যজনক ভূমিকাত অবৈধ গৰু ব্যৱসায়ী চক্ৰটোৰ লগত আৰক্ষী প্ৰশাসনো জড়িত হৈ থকা বুলি আঙুলি তুলিছে বিভিন্ন দল সংগঠনে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।