ডিমাকুছিত একেদিনাই পৃথকে পৃথকে ৩ টাকৈ পথ দুৰ্ঘটনা

 09/30/2019 - 12:43

ভেৰগাঁৱঃ ওদালগুৰি জিলাৰ, ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ডিমাকুছি গধুলী চ'ক, বৰঙ্গাজুলি, আৰু ডিমাকুছি কালা নদীৰ দলংৰ সমীপত ওদালগুৰি তামুলপুৰ সংযোগী পথত দেওবাৰে সন্ধিয়া একেদিনাই পৃথকে পৃথকে ৩ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়। তিনিও জনৰে অৱস্থা সংকটজনক। ঘটনাস্থলীত সময়মতে ১০৮ সেৱাৰ এম্বুলেঞ্চ উপস্থিত নোহোৱাকলৈ স্থানীয় ৰাইজ ক্ষোভিত হয়।

ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হৈ চিকিৎসায়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত আহত হোৱা এজন লোক হৈছে ২নং ডিমাকুছিৰ কৃষ্ণ ভূজেল। কৃষ্ণ ভূজেলে ডিমাকুছি চাহ বাগিচাৰ চ'কৰ পৰা নিজগৃহ অভিমূখে আহি থকা সময়ত বিপৰীত দিশৰ পৰা অহা অচিনাক্ত ব্যক্তিয়ে মটৰ চাইকেলেৰে খুন্দিয়াই থৈ পলায়ন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।