ৰহাত আৰক্ষীৰ দ্বাৰা স্বচ্ছ অভিযান

 09/30/2019 - 12:51

ৰহাঃ ৰহাত আৰক্ষী প্ৰশাসনৰ স্বচ্ছ ভাৰত অভিযান। সোমবাৰে পুৱাই ৰহা আৰক্ষীয়ে হাতে হাতে ঝাড়ু লৈ ৰহা চহৰত চাফাই অভিযান চলায়। স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ৰহা পৌৰসভাৰ সহযোগত ৰহা আৰক্ষীয়ে চলোৱা চাফাই কাৰ্যসূচীত নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী কলিতা, ৰহা পৌৰসভাৰ সভাপতি ধ্ৰুৱ দাস, গাওঁৰক্ষী বাহিনী, ছাত্ৰ সন্থাৰ লগতে বিভিন্নজনে অংশগ্ৰহণ কৰে।

অভিযানত অংশগ্ৰহণ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জী কলিতাই নিতৌ স্বচ্ছতা বজাই ৰাখিবলৈ সকলোকে আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।