মৰিয়নীৰ জাঁজী নদীত নাওঁ দুৰ্ঘটনা

 09/30/2019 - 13:12

মৰিয়নীঃ মৰিয়নীৰ ৰণখামৰ জাঁজী নদীত নাওঁ দুৰ্ঘটনা। জাঁজী নৈৰ প্ৰৱল সোঁতত ডুব যায় তিনিজন যাত্ৰী কঢ়িয়াই নিয়া এখন হাতনাওঁ। নাওখনৰ ৰঞ্জিত মুড়া নামৰ এজন যাত্ৰী ডুব যায় নদীখনত। যুৱকজনৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। সন্ধিয়া নাৱৰে জাঁজী নদী অতিক্ৰম কৰি শিৱসাগৰৰ হালোৱাটিঙলৈ গৈ থাকোতে সংঘটিত হয় এই দুৰ্ঘটনা।দুৰ্গম অঞ্চলটোত বৰ্তমানলৈকে উপস্থিত হোৱা নাই উদ্ধাৰকাৰী SDRF ৰ দল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।