প্ৰবীন ক্ৰীড়া সংগঠক, ফুটবলাৰ সুবোধ চন্দ্ৰ দাসৰ বিয়োগ

 09/30/2019 - 13:38

বৰপেটাঃ বৰপেটাৰ প্ৰবীন ক্ৰীড়া সংগঠক, ক্ৰীড়া জগতত দীৰ্ঘদিন ধৰি সক্ৰিয়ভাবে জড়িত হৈ থকা ফুটবলাৰ তথা ৰেফাৰী সুবোধমল্ল দাসে দেওবাৰে বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ৷ ফুটবল খেলুৱৈ হিচাপে পৰিচিত দাসে ফুটবল ৰেফাৰী হিচাপেও সেৱা আগবঢ়াইছিল৷ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ লগতো জড়িত হৈ থকা দাসে মৃত্যুৰ আগমুহুৰ্তলৈ জিলাখনৰ কেইবাটাও ক্ৰীড়া অনুষ্ঠান লগতো সক্ৰিয়ভাবে জড়িত হৈ আছিল৷

এই গৰাকী ক্ৰীড়া সংগঠকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চহৰখনত শোকৰ ছাঁ পৰে৷ লক্ষ্যণীয় কথা এইয়াই যে বিশিষ্ট ক্ৰীড়াবিদ গৰাকী অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনৰ পৰা মৃত্যুৰ আগমূহুৰ্তলৈকে বঞ্চিত হৈ থাকিল। অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনৰ তালিকাৰ পৰা তেখেতৰ নাম এক ৰহস্যজনক কাৰণত কৰ্তন কৰা হৈছিলে আৰু এই তালিকাৰ পৰা তেখেতৰ নাম কৰ্তন কৰিছিলে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। কি কাৰণত হৃষিকেশ গোস্বামীয়ে তেওঁৰ নাম কৰ্তন কৰিছিলে সেই ৰহস্য যেন তেওঁৰ মৃত্যুৰ লগতেই গুচি গ'ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।