ঢকুৱাখনাৰ এগৰাকী প্ৰতিভাৱান কিশোৰ

 09/30/2019 - 13:50

ঢকুৱাখনাঃ সৃষ্টিশীল প্ৰতিভাৰ বিকাশ কৰাৰ দুৰ্বাৰ হেপাঁহ মনত এটি কিশোৰ। ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ পূব চামপৰাত ঘৰ কিশোৰজনৰ নাম হৈছে গৌৰাংগ গগৈ। অসাধাৰণ প্ৰতিভাৰ বহুমুখী প্ৰতিভাৰ পৰিচয় যাৰ কণ্ঠত গীত, ছবি অংকন, কিক বক্সিং, ফুলৰ বাগান পতা আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰ দ্বাৰা বস্তু নিৰ্মাণ সুন্দৰকৈ কৰিব পাৰে।

বাসুদেৱ থান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত অধ্যয়নত কিশোৰজনৰ বয়স ১৩ বছৰ পিতৃ বিমান গগৈ আৰু মাতৃ যমুনা গোহাঁইৰ সুযোগ্য সন্তান গৌৰাংগই পঢ়া-শুনা কৰি থকা মাজতে কেতিয়াবা সময় উলিয়াই ঘৰতে সংগীত চৰ্চা কৰা, ছবি অংকন কৰা, ফুলৰ বাগান পতা, বাঁহৰ পৰা কোলা, ছালনি, খৰাহী, খালৈ নিৰ্মাণ কৰা কিশোৰজনে কিক বক্সিং কৰি ভাল পায়।

সংগীতত প্ৰেমত পৰা এইগৰাকী কিশোৰে উপযুক্ত প্ৰশিক্ষণ নোলোৱাকৈ গীত পৰিৱেশন কৰি কণ্ঠৰে বহু দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিহু গীত, ভূপেন হাজৰিকা, বিপিন চাওদাং, জয়ন্ত হাজৰিকাৰ আদিৰ দৰে স্বনামধন্য ব্যক্তিৰ গান তেওঁ কণ্ঠত বিৰাজমান। উল্লেখযোগ্য যে এইজন কিশোৰে পানী, চিৰিঞ্জ আৰু পাইপ ব্যৱহাৰ কৰি এখন ফকলেন্ট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। বহুমুখী কিশোৰ প্ৰতিজন শিশুৰ কাৰণে আদৰ্শ হওঁক আৰু আগবাঢ়ি যোৱাত সহায় কৰক সকলো দিশত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।