চৌদিশ সেউজীয়া কৰাৰ সপোন লখিমপুৰ জিলাৰ বৃক্ষবন্ধুৰ

 09/30/2019 - 14:01

নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এজন বৃক্ষ বন্ধু৷ নাম লীলা হাজৰিকা৷ এটি সেউজীয়া মনেৰে ২৫ বছৰৰ পূৰ্বে বানে গৰকা দোৰপাংৰ পাৰত আৰম্ভ কৰিছিল সেউজ বিপ্লৱৰ৷ প্ৰথমে একক প্ৰচেষ্টাৰে তাৰ পৰবৰ্তী সময়ত ২০১৬ বৰ্ষত জন্মদিয়ে এটা বেচৰকাৰী সংস্থা সালোক্য সেৱা কানন৷ মুঠ ৯ জন সদস্যৰে গঠিত সালোক্য সেৱা কাননৰ জৰিয়তে হাজৰিকাই সকলো বিদ্যালয়-মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিগত-ৰাজহুৱা স্থানত বৃক্ষৰোপন কৰাৰ লগতে আহব্বান জনাই আহিছে সেউজী পৃথিৱী গঢ়াৰ বাবে৷

সেইবাবেই হাজৰিকাক আমাৰ গৌৰৱ নৰ্থ ইষ্ট হিৰো স্বীকৃতিৰে দিল্লীস্থিত ইন্দিৰা গান্ধী মৈদামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই নিজ হাতৰে প্ৰদান কৰিছিল অৰুণোদয় বঁটা৷ যি সময়ত ৰাজ্যখনৰ চুকে-কোণে গঢ়ি উঠিছে বিষাক্ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বৃহৎ সংখ্যক কৃষিফাৰ্ম তাৰ বিপৰীতে হাজৰিকাই নিজা বাৰীত ব্যতিক্ৰমী পদক্ষেপেৰে আৰম্ভ কৰিছে এখন কৃষিফাৰ্ম৷ ফাৰ্মখনত ফুল, বন্ধা, ওলকবিৰ লগতে মূলা, বেঙেনা, জলকীয়া, পালেং ,পিয়াজ আদি নানান জৈৱিক পদ্ধতিৰে কৰা সেউজীয়া খেতিৰে উপচি পৰা দেখা গৈছে।

শ্ৰমৰ বিনিময়ত গঢ়ি উঠা কৃষি ফাৰ্মখনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজক ৰাসায়নিক সাৰ প্ৰয়োগেৰে কৰা কৃষি মানুহৰ দেহৰ বাবে কিমান বিপদজনক তাৰ সম্পৰ্কত সজাগতা সৃষ্টি কৰিব খুজিছে লোকজনে৷ আনহাতে বাৰীখনত বিভিন্ন তৰহৰ ৰবি শস্যৰ উপৰি পান-তামোল, নাৰিকলৰ লগতে অমিতা খেতিও কৰিছে কৃষকগৰাকীয়ে৷

দৰিদ্ৰ কৃষকগৰাকীয়ে পোক-পতংগ নিৰ্মূলৰ বাবে বাৰীখনৰ চাৰিওফালে ৰোপন কৰিছে নিম গছ। এক কথাত ক’বলৈ গ'লে এখন সৰ্বাংগ সুন্দৰ বাৰী গঢ়ি তুলিছে কৃষক গৰাকীয়ে। কিন্তু দুৰ্ভাগ্যজনক কথা যে বছৰ বছৰ ধৰি উৰুখা পজাত জীৱন নিৰ্বাহ কৰি অহা হাজৰিকাই আজিকোপতি স্বীকৃতিৰ বাহিৰে চৰকাৰৰ ফালৰ সুবিধাৰ নামত ফুটাকৰি এটাও লাভ কৰিবলৈ সক্ষম নহ’ল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।