কংগ্ৰেছৰ হোৱাইটএপ গ্ৰুপত গৌৰৱ গগৈ হ’লগৈ গাদ্দাৰ ফাল্টু

 09/30/2019 - 14:15

মৈৰাবাৰীঃ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ সামাজিক মাধ্যমত মুখামুখি হ’ল এক আহুকলীয়া পৰিস্হিতিৰ। মৈৰাবাৰী ব্লক কংগ্ৰেছ নামৰ হোৱাইটএপ গ্ৰুপটোত গৌৰৱ গগৈক মুকলি সমালোচনা। সমালোচনাই এনে পৰ্যায় পালেগৈ যে গৌৰৱ গগৈক গাদ্দাৰ ফাল্টু আদি বিশেষনেৰেও বিশেষিত হ’ল। এনে খঙৰ কাৰণ অন্য একো নহয়। প্ৰতি বাৰে গগৈক জিকাই নিয়াত নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰি আছে ধিঙ সমষ্টিৰ সংখ্যালঘু ভোটাৰে।

কিন্ত জিকাৰ পাছত সমষ্টিটোত একো নিদিয়ে তেওঁ। যোৱাতো কাৰ্যকালত কামৰ তালিকা গগৈৰ অৰ্ধনিৰ্মিত কামেই বেছি। এইটো মৈৰাবাৰী মাজ-মজিয়াত থকা অৰ্ধনিৰ্মিত জিৰণী ঘৰ। বৰবড়ী গাঁৱত গৈ সাকুখনৰ দায়িত্ব লৈয়ো দিব নোৱাৰিলে গগৈয়ে। এইবোৰৰ বাবেই পুত্ৰৰ বাবে প্ৰচাৰ চলাব আহি লোকসভা নিৰ্বাচনত সাংবাদিকৰ কঠোৰ প্ৰশ্ন বানৰ মুখামুখী হৈছিল তৰুণ গগৈ।

তেওঁ কথা দিছিল গৌৰৱক এইবাৰ ধিঙ সমষ্টিলৈ চকু দিব। ধিঙৰ সৈতে গগৈ পৰিয়ালৰ সম্বন্ধ আছে। পিছে সকলো মিছা হ’ল। চলাহী কথাত ভুল গৈ এইবাৰ নিৰ্বাচনত এক লাখ সাতষষ্ঠি হাজাৰ ভোট দিলে ধিং সমষ্টিয়ে। কিন্ত যাৰ জহত শাখা সেন্দুৰ তাকে পাতে ভোকোৰা এন্দুৰ। ধিঙ সমষ্টিত সাংসদ পূজিৰ সামান্য চতিয়ায়ে দায়িত্ব সামৰিলে গৌৰৱে। বিপদৰ দিনত গৌৰৱে খবৰ নলয় ধিঙৰ। জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীকো শিষ্টাচাৰহীন ব্যৱহাৰ। সেয়ে ব্লক কংগ্ৰেছৰ গ্ৰুপতে তুলা ধুনা গগৈক। গালিৰ বৰষুন সহ্য কৰিব নোৱাৰি মান-সন্মান থাকোতেই গ্ৰুপৰ পৰা left মাৰি নাক ৰক্ষা বহুকৰ্মীৰ। ইমানৰ পাছতো কিবা পৰিবৰ্তন হলেই হ’ল গগৈৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।