ৰঙাপৰা চেচা চাহ বাগিছাৰ লগতে বিভিন্ন বাগিছাত কৰম উৎসৱ অনুষ্ঠিত

 09/30/2019 - 14:21

ৰঙাপৰাঃ বহাগ আগমনৰ লগে লগে যিদৰে সকলোৰে মন মতলীয়া হৈ উঠে ভাদ মাহৰ আগমনে কহুৱা ফুলৰ হালি যালিয়ে চাহ জনগোষ্ঠীয় লোকসকলৰ সমাজ জীৱনতো এক উ্ৎসৱমূখৰ পৰিবেশ সৃষ্টি কৰে কৰম উ্ৎসৱ। কৰম উ্ৎসৱ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমতো ভাদ মাহত চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰি আহিছে।

দেওবাৰে বিয়লি ৩ বজাত চেচা চাহ বাগিছাৰ গনচেতনা সমাজ ও চেচা ডিপুটা লাইনৰ উদ্যোগত আৰু চেচা চাহবাগিছাৰ সমুহ ৰাইজৰ সহযোগত নগাপথাৰ উচ্চ মাধ্যমিক খেলপথাৰত স্বৰ্গীয় চাবিনা হৰ আৰু স্বৰ্গীয় ববিতা কেৰকেটা স্মৃতিত দ্বিতীয় বাৰ্ষিক সমাৰোহৰ মূল সভাখনৰ আঁত ধৰে উদীয়মান যুৱ নেতা ৰ্মাকাছ বাঘোৱাৰ আৰু বিজয় তাতীয়ে| 

অঞ্চলটোৰ মুঠ ১৭ টা দলে উক্ত অনুষ্ঠানত আয়োজন কৰা ঝুমুৰ প্রতিযোগিতাত অংশগ্রহন কৰে| অনুষ্ঠানত অতিথি হিচাপে উপস্হিত থকা ৰঙাপৰা চেন্ট পলছ ইংৰাজী বিদ্যালয়ৰ অধ্যক্ষ সুশীল জনচন নামনি গাঁও পঞ্চায়তৰ সভাপতি মাথিয়াছ ভেংৰা সমাজকৰ্মী ডেভিড বাঘোৱাৰ আয়োজক সমিতিৰ সভাপতি ফ্রান্সিস হৰ গনচেতনাৰ সন্চালক ফাদাৰ থমাছ বাৰলা উপস্হিত থাকে|

অনুষ্ঠানটোৰ শেষত প্রথমস্থান অধিকাৰ কৰা আদাবাৰী চাহবাগিছা দ্বিতীয় কচুবিল তৃতীয় চেচা পানবাৰী আৰু অংশগ্রহন কৰা দলক সান্তনা পুৰস্কাৰৰে বঁটা উপহাৰ নগদ ধনৰে সন্মান দিয়া হয়| দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে ঠাকুৰবাৰী চাহবাগিছাৰ ৯ নং লাইনত চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰা হয়। আদিবাসী সাংস্কৃতিক বিকাশৰ উদ্দেশ্য আগত ৰাখি বিজয় মুন্ডা সম্পাদক আৰু বিৰজু ওৰাংক সভাপতি হিচাপে লৈ উদযাপন সমিতি গঠন কৰি মহা ধুমধামেৰে কৰম উৎসৱ উদযাপন কৰা হয়। দেবগান মুন্দাই কালিৰ অনুষ্ঠান মুকলি কৰে।

দেওবাৰে কৰম উৎসৱৰ লগত সংগতি ৰাখি ১ম বাৰ্ষিক ঝুমইৰ নৃত্য প্ৰতিযোগিতাও উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকত ভাল ফলাফল কৰা শিক্ষাৰ্থীও বাগিছাত কৰ্মৰত শ্ৰেষ্ঠ চাহ শ্ৰমিকক সম্বৰ্ধনা জনোৱা হয়। বাগিছাখনৰ পৰিচালক আমলা সিং সভাপতি, বিদবাছ বাগ কাৰ্যকৰী সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটি পৰিচালনা কৰে সাংস্কৃতিক সম্পাদক ৰবাৰ্টচন খৰাই। আটছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপদেষ্টা ৰাজেন ৰহিদাসে অনুষ্ঠানটি মুকলি কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।