কবিতা সংকলন 'মুক্ত কণ্ঠ' উন্মোচন

 09/30/2019 - 15:04

ডবকাঃ সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক তেজপুৰ অধিৱেশনৰ দ্বিতীয় দিনা গ্ৰন্থ উন্মোচনী কাৰ্যসূচীত হোজাই জিলা কবি সন্মিলনৰ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ আৰু ডবকা শাখা কবি সন্মিলনৰ সভাপতি ৰফিক উদ্দিনৰ যুটিয়া সম্পাদনাত প্ৰকাশিত কবিতাৰ সংকলন 'মুক্ত কণ্ঠ' উন্মোচন কৰা হয়৷

সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া, সম্পাদক প্ৰধান উজ্জ্বল পাউগাম, হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতান সমন্বিতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে কবিতা পুথিখন উন্মোচন কৰে৷ কবিতা সংকলনখনত সংকলকদ্বয়ে হোজাই জিলাৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠিত আৰু ন-কবিৰ কবিতা স্থান দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।