লখিমপুৰত বিদ্যুতপৃষ্ট হৈ যুৱকৰ মৃত্যু

 09/30/2019 - 15:14

লালুকঃ যুৱকজন হৈছে লখিমপুৰ জিলাৰ বঙালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত তিণ্ঠেঙীয়া গাওঁৰ ২৫ বছৰীয়া ইনামূল হুছেইন। অতি দূৰ্ভাগ্যজনকভাৱে কবলৈ গলে লখিমপুৰ জিলাৰ বঙালমাৰা আৰক্ষী চকীৰ অধীনত থকা ফতেহপুৰ গাওঁত কৰ্মসূত্ৰে দিন হাজিৰা কৰি থকা অৱস্থাত নাওবৈছা বিদ্যুত উপ সংমণ্ডলৰ অধীনত থকা লালুক কণ্ট্ৰল ৰোমৰ পৰা সংযোগ হোৱা ১১০০০/ হাজাৰ ভল্টেজৰ বিদ্যুত পৰিবাহী তাঁৰ একে বাৰে তলেদি উলমি থকা অৱস্থাত তাঁৰত লাগি থিতাতে নিহত হয় যুৱকজন।

স্থানীয় ৰাইজৰ অভিযোগ অনুযায়ী ৰাইজে এনেকৈ উলমি থকা বিদ্যুত পৰিবাহী লাইনখনৰ মাজে মাজে বিদ্যুতৰ খুঁটা বহুওৱাবলৈ বিভাগীয় কৰ্তৃপক্ষক বাৰবাৰ অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। যাৰ পৰিপ্ৰেক্ষিতত আজি এনে ঘটনা সংঘটিত হৈছে। ইয়াকে লৈ এই অঞ্চলটোত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।