শিক্ষক ৰত্ন ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰাপ্ত অধ্যাপক এমআব্দুলবাতেন লৈ সম্বৰ্ধনা

 09/30/2019 - 15:33

গৌৰীপুৰঃ ধুবুৰী জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক এমআব্দুলবাতেনক সমতা সাহিত্য একাডেমীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা এটাই কলিকতাৰ এখন সভাত শিক্ষক ৰত্ন ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

ৰাষ্ট্ৰীয় সমতা পৰিষদৰ সভাপতি ডি এছ তান্দেকৰ, আশ্চৰ্য্য ৰাতনলাল সোণাগ্ৰা আৰু পশ্চিম বংগৰ কো-অৰডিনেটৰ দীপা দাস আৰু বাংলাদেশৰ প্ৰতিনিধিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গামোচা, মানপত্ৰ, আৰু ট্ৰফীৰে এই বঁটা প্ৰদান কৰা হয় অধ্যাপক আব্দুল বাতেনক।

অধ্যাপক আব্দুল বাতেনে নিজৰ অধ্যাপনাৰ দায়িত্ব পালন কৰাৰ উপৰি সামাজিক বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থাকি নিঃস্বাৰ্থভাৱে সমাজসেৱা আগবঢ়াই অহাটোৱে এক ভাল খবৰ বুলি চৰ্চা লাভ কৰে। ধুবুৰী জিলা মিঞা যুৱ পৰিষদৰ তৰফৰ পৰা গৌৰীপুৰত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

সভাত উপস্থিত থাকে অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম আব্দুছ ছালাম মোল্লাহ ধুবুৰী জিলাৰ সভাপতি এম আব্দুল মোতাল্লেব চৌধুৰীৰ লগতে জিলা পৰ্যায়ৰ বিষয় ববীয়া উপস্থিত থাকি শিক্ষকগৰাকীক উৎসাহ উদ্দীপনা আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।