ডিগবৈত ব্যক্তিগত প্ৰচেষ্টাত নিজা পুঁজিৰে জেচিবি চলাই পথ নিৰ্মাণত ব্যস্ত বিধায়ক

 09/30/2019 - 15:41

ডিগবৈঃ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা সুচল কৰাৰ বাবে দুৰ্গাপূজাৰ প্ৰাকক্ষণত ডিগবৈত ব্যক্তিগত প্ৰচেষ্টাত নিজা পুঁজিৰে জেচিবি চলাই পথ নিৰ্মানত ব্যস্ত হৈ পৰিছে বিধায়ক সুৰেন ফুকন। পথ প্ৰাধিকাৰীৰ অকৰ্মণ্যতাত ডিগবৈ চহৰৰ মাজেদি যোৱা ৩৮ নং ৰাষ্ট্ৰীয় পথটোত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়৷

চাৰিওফালে পথটো নিৰ্মানৰ দাবী তুলিছিল ৰাইজে৷ কিন্তু বিভাগে পথটো মেৰামতি নকৰিলে আজি পৰ্য্যন্ত৷ সেয়েহে উপায়ন্তৰ হৈ স্থানীয় বিধায়ক সুৰেন ফুকনে সোমবাৰে নিজৰ ধন খৰচ কৰি পথটোৰ বিধ্বস্ত অংশ মেৰামতি কৰে৷ প্ৰতিটো স্থানত নিজেই থাকি শিল বালি পেলায় জে চি বিৰে মেৰামতি কৰাইছে৷ পথচোৱা মেৰামতিৰ মুহূৰ্তত বিধায়ক ফুকনে মাজে-মাজে জেচিবি চলাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।