জৱাহৰ নবোদয় বিদ্যালয়ত আপকুৰ বিনামূলীয়া চিকিৎসা শিবিৰ

 09/30/2019 - 15:45

দেৰগাঁওঃ শিক্ষাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি জৱাহৰ নবোদয় বিদ্যালয়ত আসাম প্ৰেছকৰেছপণ্ডেণ্টছ ইউনিয়ন গোলাঘাট জিলা সমিতি আৰু বৃহত্তৰ অসমীয়া যুৱমঞ্চ গোলাঘাট জিলা সমিতিৰ যৌথ উদ্যোগত নুমলিগড় বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ সহযোগত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।চিকিৎসা শিবিৰ আৰম্ভ হোৱাৰ প্ৰাকমূহুৰ্তত আসাম প্ৰেছকৰেছপণ্ডেণ্টছ ইউনিয়ন গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আনুষ্ঠানিক সভাত জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ সুৰেন্দৰ কুমাৰ, নুমলিগড় বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ক্ৰমে ডা:চন্দীপা চক্ৰৱৰ্ত্তী, ডাঃঅংকীত কুমাৰ চৌধুৰী, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক জেষ্ঠ সাংবাদিক ৰোহিত গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সত্যজিত হাজৰিকা, গোলাঘাট জিলাৰ উপদেষ্টা জ্যেতি হাজৰিকা, আপকু দেৰগাঁও মহকুমা সমিতিৰ সভাপতি ৰাজমোহন শৰ্মা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

আপকুৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তীয়ে আঁত ধৰা চিকিৎসা শিবিৰত কেইবা শতাধিক ছাত্ৰ-ছত্ৰীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।