নলবাৰীৰ অসম ভেলী জুনিয়ৰ কলেজৰ "জীৱনে মৰণে মই চিৰদিন অসমীয়া" শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা

 09/30/2019 - 15:55

নলবাৰীঃ নলবাৰীৰ আগশাৰীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ সোমবাৰে "নৱাগত আদৰণি সভা" আৰু "অসম ভেলী একাডেমী উৎকৰ্ষ বঁটা ২০১৯" প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত সোমবাৰে দিনৰ ভাগত এটি সাংস্কৃতিক মূলক শোভাযাত্ৰা উলিওৱা হয়।

জীৱনে মৰণে মই চিৰদিন অসমীয়া শীৰ্ষক বিষয় লৈ উলিওৱা শোভাযাত্ৰাটোত শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ লগত সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে এই শোভাযাত্ৰাত অসমীয়া সাজপাৰ তথা থলুৱা সংস্কৃতিৰ ওপৰত বিভিন্ন দৃষ্টি-ভংগী প্ৰদৰ্শন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।