শক্তিপীঠ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত দুৰ্গাপূজাৰ প্ৰস্তুতি

 09/30/2019 - 16:05

উত্তৰ গুৱাহাটীঃ মাৰ্কণ্ডেয় পুৰাণখ্যাত জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পূৰ্ব্বাপৰ বৈদিক পদ্ধতি আৰু তান্ত্ৰিক বিধিৰে আগন্তুক ১৫ আহিনৰ বৃহস্পতিবাৰৰ পৰা ২০ আহিন ইংৰাজী ৩ অক্টোবৰৰ পৰা ৮ অক্টোবৰ তাৰিখলৈ শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰাৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। দুৰ্গাপূজা ভাগ এইবেলি বৃহস্পতিবাৰ ৩ অক্টোবৰত সন্ধিয়া দেৱীৰ বোধন।

৪ অক্টোবৰ ১৬ আহিন শুকুৰবাৰে দেৱীৰ আমন্ত্ৰণ ও অধিবাস। ৫ অক্টোবৰ ১৭ আহিন মহাসপ্তমী পূজাদেৱীৰ নৱপত্ৰিকা স্হাপন। ৬ অক্টোবৰ ১৮ আহিন ৰবিবাৰে মহাঅষ্টমী পূজা। ৭ অক্টোবৰ ১৯ আহিন তাৰিখে সোমবাৰে মহানৱমী পূজা ।৮ অক্টোবৰ ২০ আহিন মংগলবাৰে নৱপত্ৰিকা বিসৰ্জনেৰে জগতজননী দুৰ্গাদেৱীৰ পূজাভাগ সম্পন্ন কৰা হ’ব। বিসৰ্জনৰ অন্তত অপৰাজিতা পূজা। 

প্ৰতি বছৰৰ দৰে এইবাৰো দীৰ্ঘেশ্বৰী দেৱালয়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই ধূপধূনা বন্তি জ্বলাই দেৱীৰ আশীষ প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা জনাব। সম্পূৰ্ণ তান্ত্ৰিক পদ্ধতিৰে কৰা এই পূজাভাগত দেৱীদুৰ্গাক প্ৰসন্ন কৰাৰ বাবে ভক্তসকলে হাঁহ, পাৰ, ছাগলী, মহ বলি হিচাপে আগবঢ়াব।

শ্ৰী শ্ৰী  দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা  সমিতিৰ সভাপতি প্ৰণৱ দত্ত গোস্বামী, সম্পাদক সতীশ চন্দ্ৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে দুৰ্গাপূজাৰ বাবে  প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। পূজাৰ সকলো কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিত  শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় শ্ৰী শ্ৰী দুৰ্গাপূজা আৰু কালীপূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।