স্বচ্ছ ভাৰত আঁচনিৰ লগত সংগতি ৰাখি লংকাত আয়োজন এখন সজাগতামূলক সভা

 09/30/2019 - 16:15

লংকাঃ ২০১৪ চনত ৰূপায়ন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত আঁচনিৰ লগত সংগতি ৰাখি সোমবাৰে লংকাত আয়োজন কৰা হয় এখনি সজাগতামূলক সভা। হোজাই জিলাৰ পৌৰনিগমৰ তত্বাৱধানত অনুষ্ঠিত কৰা হৈছিল উক্ত সভাখন। এখন নিকা আৰু স্বচ্ছ ভাৰতৰ সপোন দেখা জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস দুই অক্টোবৰৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হ’ব লগা পলিথিন বৰ্জন কাৰ্যসূচীৰ অংশহিচাপে লঙ্কা পৌৰনিগম কাৰ্যলায়ত এই সভাখন অনুষ্ঠিত কৰা হয়।

সভাখনত অংশগ্ৰহণ কৰে কেইবা জনো উচ্চপদস্থ বিষয়াই। প্ৰায় শতাধিক লোকৰ উপস্থিত লংকা চহৰৰ মাজেৰে মাৰাথান দৌৰৰ দ্বাৰা লংকাত প্লাষ্টিক বৰ্জন আৰু স্বচ্ছতাৰ দিশত সজাগ হ’বলৈ আহ্বান জনায় জিলাখনৰ পৌৰপতিগৰাকীয়ে। দুই অক্টোবৰৰ পৰা বলবৎ হ’ব লগা পলিথিন বৰ্জন কাৰ্যসূচীৰ দ্বাৰা লংকা চহৰখন স্বচ্ছতাৰ দিশত যথেষ্ট সফল হ’ব বুলি আশা প্ৰকাশ কৰে পৌৰনিগমৰ কাৰ্যকৰ্তাসকলৰ লগতে হোজাই জিলাৰ উপায়ুক্তগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।