বগীনদীত শতাধিক ভোটাৰ্চ পাৰ্টী সদস্যৰ উত্তাল প্ৰতিবাদ

 09/30/2019 - 17:12

লখিমপুৰঃ বগীনদী-ভীমপৰা সংযোগী সোৱণশিৰি নদীৰ ওপৰত দলং নিৰ্মাণ কৰা, সোৱণশিৰি নদীৰ গৰাখহনীয়া সমস্যাক স্থায়ী সমাধান কৰা, তাৰিয়নি কোৱাৰিৰ অবৈধ খননকাৰ্য বন্ধ কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ক্ষেত্ৰৰ সমীপৰ পৰা বগীনদীস্থিত কদম ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়লৈকে শতাধিক ভোটাৰ্চ পাৰ্টীৰ সদস্যই বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে।

আকাশ বতাহ কদম ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে লখিমপুৰ জিলা উপায়ুক্ত, লখিমপুৰ বন সংমণ্ডলৰ বিষয়ালৈ এখন স্মাৰকপত্ৰও প্ৰদান কৰে দলটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।