নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ যুৱ কংগ্ৰেছৰ

 09/30/2019 - 17:20

নলবাৰীঃ দেশত আৰ্থিক মন্দাৱস্থা চলাৰ লগতে অত্যধিক মূল্যবৃদ্ধিয়ে জনজীৱন বিপন্ন কৰি তোলাৰ অভিযোগত সোমবাৰে নলবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী জিলা যুৱ কংগ্ৰেছে। দেশৰ আৰ্থিক দুৰৱস্থা আৰু অত্যধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ দাবীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে যুৱ কংগ্ৰেছে। নলবাৰীৰ থানা চকত প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানদি পৰিৱেশ উত্তাল কৰি তোলে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।